ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 30, 2025 6:49 PM | Justice for Zubeen Garg

printer

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত ছিংগাপুৰলৈ অসম আৰক্ষী অপৰাধ অনুসন্ধান শাখাৰ দুগৰাকী বিষয়া ৰাওনা

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আজি ছিংগাপুৰলৈ অসম আৰক্ষী অপৰাধ অনুসন্ধান শাখাৰ দুগৰাকী বিষয়া ৰাওনা হয়। এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ বিষয়াইও দিল্লীত ঘটনাৰ অনুসন্ধানৰ বাবে উপস্থিত আছে। জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীয়ে দাখিল কৰা এজাহাৰ সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে আনুষ্ঠানিকভাৱে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ আহ্বান কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই আহ্বানৰ পাছতে গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰে সবিশেষ তথ্য প্ৰদান কৰাৰ লগতে অভিযুক্তক ওভতাই অনা আৰু ন্যায় প্রদান নিশ্চিত কৰাত সহায় হ’ব বুলি তেওঁ উল্লেখ কৰে।
জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে অনুসন্ধান অব্যাহত ৰাখিছে। প্রয়াত শিল্পীগৰাকীৰ সম্পৰ্কীয় ভাতৃ সন্দিপণ গাৰ্গক আজি বিশেষ তদন্তকাৰী গোটে সোধা-পোছা কৰে। উল্লেখযোগ্য যে, ছিংগাপুৰত আয়োজিত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ বাবে জুবিন গাৰ্গৰ সৈতে সন্দিপণ গাৰ্গ একেলগে গৈছিল। ইপিনে প্ৰাণৰ শিল্পীগৰাকীৰ চিতাভস্ম আজি যোৰহাটলৈ লৈ যোৱা হয়। শিল্পীগৰাকীৰ পৰিয়ালবৰ্গৰ পৰা অশ্রুসিক্ত নয়নেৰে যোৰহাটৰ ৰাইজে চিতাভস্মখিনি গ্ৰহণ কৰে। জিলাখনৰ কোষাগাৰ প্ৰাধিকৰণৰ ষ্ট্ৰংৰুমত নিশা চিতাভস্মখিনি ৰখা হ’ব। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কাইলৈ যোৰহাট ষ্টেডিয়ামত শিল্পীগৰাকীৰ শ্রাদ্ধানুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠান সুচাৰুৰূপে চলাই নিয়াৰ বাবে মন্ত্রী বিমল বৰাই যোৰহাট ষ্টেডিয়ামত উপস্থিত হৈ আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে সকলো দিশ নিৰীক্ষণ কৰে। কৰ্ণাধৰ সমিতিৰ সৈতে বৈঠকত মিলিত হৈ অনুষ্ঠান সুকলমে সম্পন্ন কৰিবলৈ তেওঁ সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। প্ৰাণৰ শিল্পীগৰাকীৰ ১৩ দিনীয়া আদ্যশ্রাদ্ধ উপলক্ষে যোৰহাট ষ্টেডিয়ামত সর্বধর্ম প্রার্থনা, ভাগৱত পাঠ, দিহানামৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ প্ৰায় দুহেজাৰ ভকত-বৈষ্ণৱে নাম প্ৰসংগত অংশ ল’ব। ইয়াৰ লগতে বহুসংখ্যক শিল্পীয়ে জুবিন গাৰ্গৰ লাইভ পেইণ্টিং কৰিব।