


জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি পত্নী গৰিমা শইকীয়া গাৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। সাংবাদিকৰ আগত আজি এই কথা প্ৰকাশ কৰি শ্ৰীমতী গাৰ্গে কয়, যে এই স্মাৰক পত্ৰৰ জৰিয়তে গোচৰৰ খৰতকীয়া নিষ্পত্তিৰ বাবে বিশেষ আদালত স্থাপন, ৰাজ্য চৰকাৰে ইতিমধ্যে নিযুক্তি দিয়া বিশেষ লোক অধিবক্তাৰ দলৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্যেষ্ঠ আৰু অভিজ্ঞ লোক অধিবক্তাৰ নিযুক্তিৰ উপৰি শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ছিংগাপুৰৰ সৈতে সঠিক কূটনৈতিক ব্যৱস্থা গ্ৰহণৰ বাবে প্রধানমন্ত্ৰীগৰাকীক আহ্বান জনোৱা হৈছে।