জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ এজনীয়া ন্যায়িক আয়োগৰ সন্মুখত সাক্ষ্য প্ৰদানৰ সময়সীমা ১২ ডিচেম্বৰলৈ বৃদ্ধি

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ এজনীয়া ন্যায়িক আয়োগৰ সন্মুখত সাক্ষ্য প্ৰদানৰ সময়সীমা ১২ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। শিল্পীগৰাকীৰ সৈতে জড়িত ব্যক্তি, প্ৰতিষ্ঠানৰ সদস্য আদিয়ে ১২ ডিচেম্বৰলৈকে তথ্য বা শপতনামা প্ৰদান কৰিব পাৰিব। ইয়াৰ পূৰ্বে এই আয়োগত তথ্য দাখিলৰ সময়সীমা ২১ নৱেম্বৰলৈকে নিৰ্ধাৰণ কৰা হৈছিল। ২১ নৱেম্বৰ পৰ্যন্ত আয়োগৰ সন্মুখত ৩৯ খন শপতনামা দাখিল কৰা হৈছে। উল্লেখযোগ্য যে ন্যায়াধীশ শ‍ইকীয়াই তিনি নৱেম্বৰত আনুষ্ঠানিকভাৱে আয়োগৰ কাম আৰম্ভ কৰিছে। ৰাজ্য চৰকাৰে যোৱা চাৰি অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা তদন্তৰ পৰিপ্ৰেক্ষিতত এই আয়োগ গঠনৰ সিদ্ধান্ত লৈছে। এই আয়োগে তদন্ত আইন ১৯৫২ৰ অধীনত শিল্পীগৰাকীয়ে মৃত্যুৰ পূৰ্বৰ আৰু পৰৱৰ্তীসময়ৰ ঘটনাৰাজী বিশ্লেষণৰ বাবে ইয়াৰ সৈতে জড়িত তথ্যসমূহ গ্ৰহণ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত কোনো ষড়যন্ত্ৰ, অৱহেলা নাইবা অপ্রীতিকৰ ঘটনা জড়িত আছে নেকি এই বিষয়েও তথ্য লোৱা হৈছে। সময়সীমা বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ১২ ডিচেম্বৰৰ পাছতহে আয়োগে ইয়াৰ প্ৰতিবেদন দাখিল কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।