ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 21, 2025 6:34 PM | JusticeForZubeenGarg

printer

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ ছিংগাপুৰ আৰক্ষীৰে আলোচনা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে আজি দেশখনৰ আৰক্ষীৰ সৈতে আলোচনাত মিলিত হয়। এছ আই টিৰ মুৰববী মুন্নাপ্রসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰণ গোৱেলে ছিংগাপুৰ আৰক্ষীৰ পৰা জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত যাবতীয় তথ্য সংগ্ৰহ কৰে। ছিংগাপুৰ আৰক্ষীৰ সৈতে এছ আই টিৰ বিষয়া দুগৰাকীয়ে প্রায় ৩ ঘণ্টা আলোচনাত মিলিত হোৱাৰ পাছত আৰক্ষীয়ে এছ আই টিক সম্পূর্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। ৩ মাহৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ প্রতিবেদন দাখিল কৰিব বুলি প্ৰকাশ কৰিছে। অসমৰ পৰা যোৱা এছ আই টিৰ বিষয়া দুগৰাকীয়ে ইতিমধ্যে জুবিন গাৰ্গ থকা হোটেলখনৰ লগতে দূর্ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰিছে।

ইপিনে, শিল্পী সমাজৰ হৈ আৰক্ষীক এজাহাৰ দাখিল কৰা কণ্ঠশিল্পী গীতালী দেৱীৰ আজি সাক্ষ্য এছ আই টিয়ে গ্ৰহণ কৰে। তদন্তকাৰী গোটক সাক্ষ্য দিয়াৰ পাছত কণ্ঠশিল্পীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে তেওঁৰ হাতত থকা সকলো তথ্য এছ আই টিক দাখিল কৰিছে। জুবিন গাৰ্গক ছিংগাপুৰলৈ নিয়া সকলো লোকেই দোষী বুলিও শিল্পীগৰাকীয়ে মন্তব্য কৰিছে।