ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 20, 2025 11:51 AM | JusticeForZubeenGarg

printer

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট আজি ছিংগাপুৰলৈ ৰাওনা

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে আজি অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট ছিংগাপুৰলৈ ৰাওনা হ’ব। এছ আই টিৰ মুৰববী মুন্নাপ্ৰসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰুণ গোৱেলৰ দুজনীয়া দলটোৱে ছিংগাপুৰত গৈ জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিব। এছ আই টিৰ দলটোৱে কাইলৈ ছিংগাপুৰৰ আৰক্ষীৰ সৈতে আনুষ্ঠানিকভাবে মিলিত হ’ব। অসম আৰক্ষীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ জৰিয়তে ছিংগাপুৰ এটর্নী জেনেৰেললৈ তদন্তত সহযোগ বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ পাছতে ছিংগাপুৰ আৰক্ষীয়ে এছ আই টিক সহযোগ কৰাৰ সেউজ সংকেত প্রদান কৰে। ইয়াৰ পাছতে আজি অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট ছিংগাপুৰলৈ ৰাওনা হ’ব।

ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূর্ণ হোৱা উপলক্ষে কালি ৰাজ্যৰ বিভিন্ন স্থানত মাঙ্গলিক কার্যসূচী অনুষ্ঠিত হয়। শিল্পীগৰাকীৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিক্ষেত্ৰত নিশাজুৰি ডিমৰীয়াবাসী ৰাইজে গীতা পাঠ, সংকীর্তন, সর্বধর্ম প্রার্থনাৰে শ্রদ্ধাঞ্জলি জনায়। নিশা কমাৰকুছিত উপস্থিত হৈ গৰিমা শইকীয়া গার্গে জুবিনলৈ শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে অনুৰাগীৰ সৈতে সময় কটায়। ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে বুলিও গৰিমাই প্রকাশ কৰে।

ৰাজ্যৰ আন প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ টিংখাং, দৰং জিলাৰ জলজলি খালৈপাৰা, কাছাৰ জিলাৰ শিলচৰ এন আই টিতো জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনোৱা হয়। ইপিনে মানকাচৰত জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি সমদল উলিওৱা হয়। অগপ নেতা জাবেদ ইছলামৰ নেতৃত্বত উলিওৱা সমদলত সহস্রাধিক লোকে অংশগ্রহণ কৰে।