October 15, 2025 7:13 PM | zubeen

printer

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত পুনৰ ৩গৰাকী প্ৰৱাসী অসমীয়াৰ ভাষ্য গ্রহণ এছ আই টিৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত আজি এছ আই টিয়ে পুনৰ তিনিগৰাকী প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামী, প্রীতম ভূঞা আৰু দেৱজ্যোতি হাজৰিকাৰ ভাষ্য গ্রহণ কৰে। এছ আই টিয়ে তিনিওজন প্রৱাসী অসমীয়াক চি আই দি কাৰ্যালয়ত সোধা-পোছা কৰে। এই সন্দৰ্ভত এছ আই টিৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই সংবাদ মাধ্যমৰ আগত কয়, যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে ১১ গৰাকী প্ৰৱাসী অসমীয়াই চি আই ডিৰ কাৰ্যালয়ত সাক্ষ্য প্ৰদান কৰিছে। তেওঁ কয় যে বর্তমান ছিংগাপুৰৰ নাগৰিকত্ব লোৱা ৱাজিদ আহমেদ সাক্ষ্য দিবলৈ বাকী আছে আৰু তেওঁ সাক্ষ্য দিবলৈ আগ্রহ প্রকাশ কৰিছে। এই ঘটনাৰ তদন্তৰ বাবে ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে ছিংগাপুৰ কৰ্তৃপক্ষৰ পৰা ই-মেইল লাভ কৰা বুলি প্ৰকাশ কৰি বিশেষ সঞ্চালক প্ৰধানগৰাকীয়ে কয়, যে ছিংগাপুৰ কৰ্তৃপক্ষই কোন কোন বিষয়া তদন্তৰ বাবে যাব আৰু কি কি বিষয়ৰ তদন্ত কৰিব সেই বিষয়ে জানিব বিচাৰিছে। ছিংগাপুৰ কৰ্তৃপক্ষৰ পৰা তদন্ত সন্দৰ্ভত সেউজ সংকেত পোৱা যাব বুলি শ্রীগুপ্তাই আশা প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।