জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ৭ জন অভিযুক্তৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানী গ্রহণ কৰা হয়। শুনানী কালত কাৰাৰুদ্ধ ৭ গৰাকী অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ ভার্চুৱেল ব্যৱস্থাৰে শুনানী গ্রহণ কৰে। অভিযুক্তকেইজনৰ হৈ তেওঁলোকৰ অধিবক্তাই জামিন আৱেদন দাখিল কৰে। অমৃতপ্রভা মহন্তৰ লগতে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে নিজাববীয়াকৈ অধিবক্তা লাভ কৰিছে। সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ হৈ আইন সেৱা প্ৰাধিকাৰীয়ে নিয়োগ কৰা অধিবক্তাই জামিন আবেদন দাখিল কৰে। অৱশ্যে ন্যায়ালয়ে এই আবেদন সন্দৰ্ভত ৰায়দান সংৰক্ষিত ৰাখে। ১৭ জানুৱাৰীত এই আবেদন সন্দৰ্ভত শুনানী গ্রহণ কৰা হ’ব আৰু চৰকাৰী পক্ষৰ অধিবক্তাই সেইদিনাই এই জামিন আবেদনৰ বিৰুদ্ধে আপত্তি দর্শাব। এই শুনানীতে অভিযুক্তসকলৰ বিচাৰৰ ধাৰা নিশ্চিত কৰা হ’ব। উল্লেখযোগ্য যে, আটাইকেইগৰাকী অভিযুক্তই এই গোচৰৰ বাবে অধিবক্তা লাভ কৰিছে। আজি এই শুনানী কালত উপস্থিত থকা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে শুনানীৰ অন্তত চৰকাৰী লোক অধিবক্তাগৰাকীক সহায়ৰ বাবে নিজাববীয়াকৈ প্রদীপ্ত তালুকদাৰ নামৰ এজন অধিবক্তাক নিয়োগৰ অনুমতি বিচাৰি আবেদন দাখিল কৰে। আদালতে এই আবেদন গ্রহণ কৰি অধিবক্তাগৰাকীক নিয়োগৰ বাবে অনুমতি দিয়ে। শ্ৰীমতী গাৰ্গে শুনানীৰ পাছত এই বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ লগতে দোষীক উচিত শাস্তি প্রদানৰ বাবে বিশেষ আদালতত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
ইপিনে, সদৌ অসম উকীল সন্থায়ো এই গোচৰৰ বিচাৰ ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে কৰাৰ লগতে কমেও ১০-১২ জন অধিবক্তাৰ এটা দল গঠন কৰি এই বৃহৎ অভিযোগনামা দাখিল হোৱা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সুচলভাৱে কৰিবলৈ আহ্বান জনাইছে।