December 23, 2025 7:37 PM | zubeen advocate

printer

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পৰ্যৱেক্ষণৰ বাবে সদৌ অসম উকীল সন্থাৰ বিশেষজ্ঞ সমিতি গঠন

সদৌ অসম উকীল সন্থাই ৰাজ্যৰ বিভিন্ন জিলা আৰু মহকুমাৰ সদস্য উকীল সন্থাৰ দ্বাৰা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণৰ বাবে নিজাববীয়াকৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰিছে। এই বিশেষজ্ঞ সমিতিখনে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা ফৌজদাৰী গোচৰৰ লগতে প্ৰৱৰ্তক সঞ্চালকালয়ৰ গোচৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা ৩ খন ৰাজহুৱা স্বার্থজড়িত আবেদন পর্যবেক্ষণ কৰিব আৰু এই ক্ষেত্ৰত সময়োপযোগী সিদ্ধান্ত ল’ব। সদৌ অসম উকিল সন্থাৰ সভাপতি শৈলেন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে এই কথা প্ৰকাশ কৰিছে। তেওঁলোকে লগতে কয়, যে বিশেষজ্ঞ সমিতিখনে প্রয়োজন সাপেক্ষে চৰকাৰী পক্ষই কিবা সহায় বিচাৰিলেও সহযোগিতা আগবঢ়াব। জ্যেষ্ঠ অধিবক্তা কমল আগৰৱালা, ডেভিড লেজাৰ, শৈলেন্দ্ৰ দাস, অজিত বৰগোহাঁই, জিয়াউল কামাৰ, আনন্দ কুমাৰ ভূঞা, মানস শৰণীয়া, ৰমেশ কুমাৰ জৈন আৰু বিজন মহাজনক উপদেষ্টাৰ লগতে দীপক কুমাৰ দাস আৰু শান্তম খাউণ্ডক আহ্বায়ক আৰু ৭ গৰাকী অধিবক্তাক সদস্য হিচাপে লৈ এই বিশেষজ্ঞ সমিতিখন গঠন কৰা হৈছে ৷