জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটিৰ সুৰত ৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত বায়ু সেনাৰ এয়াৰ শ্ব’ প্ৰদৰ্শন

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটিৰ সুৰত অহা ৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত বায়ু সেনাৰ এয়াৰ শ্ব’ প্ৰদৰ্শন কৰা হ’ব। এয়া হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত বায়ুসেনাৰ প্ৰথমটো এয়াৰ শ্ব’। বায়ু সেনাৰ এয়াৰ মাৰ্চেল সুৰত সিং আৰু ৰবি কোটাই কালি দিছপুৰত এখন সংবাদ মেলত এই কথা প্রকাশ কৰে। এয়াৰ মাৰ্চেল সুৰত সিং আৰু ৰবি কোটাই কয়, যে বায়ু সেনাৰ ৯৩ সংখ্যক বায়ু সেনা দিৱস উদযাপনৰ অংশ হিচাপে ৯ নম্বেৱৰত দুপৰীয়া ১২.৩০ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব’ প্রদর্শন কৰা হ’ব। কেন্দ্রীয়ভাবে অনুষ্ঠিত এই এয়াৰ শ্ব’ত ৰাফেল, মিগ, সুখয় আদিৰ দৰে ৭৫ খন বিমানে ভাগ ল’ব। এই এয়াৰ শ্ব’ৰ পূৰ্বে গুৱাহাটীত চাৰি-পাঁচ দিন বিমান উৰণৰ অনুশীলন কৰা হ’ব বুলি তেওঁলোকে জানিবলৈ দিয়ে। বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৃদ্ধা শ্ৰমৰ আবাসীসকলক অনুষ্ঠানলৈ নিমন্ত্রণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ নতুন পাৰ্কৰ পৰা ইচ্ছুক ব্যক্তিসকলে ফ্লাইং শ্ব’ চাব পাৰিব। জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই শ্বটো উপভোগ কৰিব পাৰিব। মহানগৰীৰ অশ্বক্লান্ত মন্দিৰৰ প্রাংগণত অতিথিৰ বাবে এয়াৰ শ্ব’ চোৱাৰ ব্যৱস্থা কৰা হৈছে। সংবাদমেলত আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙে কয়, যে এই এয়াৰ শ্ব’ৰ বাবে নিৰাপত্তাৰ সকলো ব্যৱস্থা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।