ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত জুবিন গাৰ্গৰ বিয়োগে অসমত অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে। তেওঁ কয়, যে এয়া শিল্পীগৰাকীৰ পৰিয়ালৰ বাবে কেৱল নহয়, বৰং সমগ্ৰ ৰাজ্য আৰু দেশৰ বাবে বৃহৎ ক্ষতি।
ইপিনে, শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে এজাহাৰ দাখিল কৰাৰ পাছত কালি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে এই বিষয়ে সংবাদ মাধ্যমৰ আগত কয়, যে তেওঁ ন্যায় বিচাৰে আৰু তদন্ত প্ৰক্ৰিয়াৰ ওপৰত আস্থা ৰাখিছে। ছিংগাপুৰৰ ৰহস্যজনক দ্বীপটোলৈ জুবিন গাৰ্গক কিয় লৈ যোৱা হৈছিল আৰু কি পৰিস্থিতিত এই ঘটনা ঘটিবলৈ পালে এই প্রশ্নসমূহৰ উত্তৰ তেওঁ পোৱা উচিত বুলিও শ্রীমতী গাৰ্গে মন্তব্য কৰে। শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিয়ে কালি বাদ্যযন্ত্রী শেখৰ জ্যোতি গোস্বামী, আৰু কণ্ঠ শিল্পী অমৃতপ্ৰভা মহন্তক পুনৰ জেৰা কৰে।
শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে কালি তেওঁৰ কাহিলীপাৰাস্থিত বাসগৃহত মাংগলিক অনুষ্ঠানৰ লগতে বিভিন্ন স্থানত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সোণাপুৰৰ কমাৰকুছিত শিল্পীগৰাকীৰ শেষকৃত্যথলীত কালি সর্বধর্ম প্রার্থনা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কাইলৈ যোৰহাট ষ্টেডিয়ামত শিল্পীগৰাকীৰ শ্ৰাদ্ধানুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠান সুচাৰুৰূপে চলাই নিয়াৰ বাবে মন্ত্ৰী বিমল বৰাই যোৰহাট ষ্টেডিয়ামত উপস্থিত হৈ কৰ্ণাধৰ সমিতিৰ সৈতে বৈঠকত মিলিত হৈ অনুষ্ঠান সুকলমে সম্পন্ন কৰিবলৈ সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। ইতিমধ্যে যোৰহাট ষ্টেডিয়ামত অনুৰাগী গুণমুগ্ধ আৰু সতীর্থ শিল্পীয়ে ১৩ দিনীয়া মাংগলিক অনুষ্ঠানৰ বাবে ভিন্ন কাৰ্যসূচী হাতত লৈছে। মন্ত্রী বিমল বৰাই যোৰহাট ষ্টেডিয়ামত জিলা প্ৰশাসনৰ লগতে অনুৰাগী আৰু শিল্পীসমাজৰ সৈতে আলোচনাত মিলিত হৈ প্ৰস্তুতিৰ নিৰীক্ষণ কৰিছে।