গীতেৰে সৰ্বস্তৰৰ জনসাধাৰণৰ হৃদয় স্পৰ্শ কৰা জনগণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত সৃষ্টি হোৱা অপূৰণীয় শূন্যতাত অসমবাসীয়ে হাহাকাৰ কৰিছে। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত জুবিন গাৰ্গৰ জনপ্ৰিয়তা আৰু তেওঁৰ দেহাৱসানে আনি দিয়া শূন্যতা সম্পর্কে আলোচনাত অংশ লৈ চিন্ময়ী গোস্বামীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে শিল্পীগৰাকী প্ৰতিভাৰে অসমৰ সাংগিতীক ক্ষেত্ৰত এজোপা বৰগছ সদৃশ আছিল। শিল্পীগৰাকীৰ প্ৰাক্তন ব্যৱস্থাপক জয়ন্ত বৰদলৈয়ে জুবিন গাৰ্গৰ শিল্পী জীৱনৰ আৰম্ভণিৰ সময়ছোৱাৰ কথা উল্লেখ কৰে। আই আই টি গুৱাহাটীৰ অধ্যাপক ড° উৎপল বৰাই অনুষ্ঠানটিত জুবিন গাৰ্গৰ ছাত্ৰ অৱস্থা আৰু সংগীতৰ সাধনাৰ প্ৰথমছোৱাৰ বিষয়ে উল্লেখ কৰে। সাংবাদিক হীৰেন শৰ্মা আৰু মণি মহন্তই এই অনুষ্ঠানত জুবিন গাৰ্গক সংগীতৰ ধাৰাৰ ক্ষেত্ৰত যুগস্রষ্টা আৰু পথ প্ৰদৰ্শনকাৰী বুলি মন্তব্য কৰে। অনুষ্ঠানত ভাস্কৰ জ্যোতি আচাৰ্য্যই কয় যে শিল্পীগৰাকীয়ে অসমৰ কেইবাটাও প্ৰজন্মক সংগীতৰ নতুন ধাৰাৰ প্ৰতি আগ্ৰহী কৰাৰ লগতে অগণন লোকৰ সংবেদনশীলতাক স্পৰ্শ কৰিছে। তেওঁ অনুষ্ঠানটিত শিল্পীগৰাকীৰ গীতো পৰিৱেশন কৰে।
এই অনুষ্ঠানটোৰ আঁত ধৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰবৰী ৰাজীৱ লোচন বৰঠাকুৰে।
Site Admin | September 21, 2025 11:55 AM | Dristipat Zubeen Garg
জুবিন গাৰ্গৰ জনপ্ৰিয়তা আৰু তেওঁৰ দেহাৱসানে আনি দিয়া শূন্যতা সম্পৰ্কত দৃষ্টিপাত অনুষ্ঠানত আলোচনা