January 2, 2026 8:35 PM | zubeen garima

printer

জুবিন গাৰ্গৰ খাৰঘুলিৰ বাসগৃহত শিল্পীগৰাকীৰ নামত ন্যাস গঠনৰ সিদ্ধান্ত

জুবিন গাৰ্গৰ খাৰঘুলিৰ বাসগৃহতে প্রয়াত শিল্পীগৰাকীৰ নামত এটা ন্যাস গঠন কৰা হ’ব বুলি এখন সংবাদমেল যোগে পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে প্ৰকাশ কৰিছে। গৰিমা শ‍ইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সম্বোধন কৰা সংবাদমেলখনত তেওঁলোকে কয় যে জুবিন গার্গ ন্যাসে সামাজিক আৰু সাংস্কৃতিক দিশত কাম কৰি যাব। ন্যাসটো জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ, জ্যেষ্ঠ আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত আৰু জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই পৰিচালনা কৰিব। জুবিন গাৰ্গ ন্যাসৰ অধীনত ৩ টা শাখা থাকিব বুলিও তেওঁলোকে প্ৰকাশ কৰে। ন্যাসৰ অধীনত থকা শাখাকেইটা হ’ল কলাগুৰু আৰ্টিষ্ট ফাউঞ্ছেন, অভিনয়া আৰু জুবিন গাৰ্গৰ সন্দৰ্ভত চলি থকা বিভিন্ন গৱেষণা। একেখন সংবাদমেলতে গৰিমা গাৰ্গে ৰাজ্য চৰকাৰে প্ৰদান কৰা এছ জি এছ টি ধনৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়। জুবিন গাৰ্গ ন্যাসৰ বাবে গৰিমা শ‍ইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰে সকলোৰে সহায়-সহযোগিতা কামনা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।