November 16, 2025 12:11 PM | Zubeen Garg Birthday

printer

জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে ১৮ নৱেম্বৰত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী

জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে অহা ১৮ নৱেম্বৰত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী লোৱা হ’ব। এই উপলক্ষে ৰাজ্যৰ ৫৩ টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রীয়ে কালি ফেচবুক লাইভযোগে প্রকাশ কৰে। তেওঁ কয় যে প্রিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা আৰু মৰমৰ চিনস্বৰূপে এই পদক্ষেপ গ্রহণ কৰা হ’ব। বিটিআৰ প্ৰশাসনে প্রিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে বিস্তৃত কার্যসূচী গ্রহণ কৰিছে। এই উপলক্ষে কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰৰ চান্দমাৰীত ৩০ বিঘা ভূমি সামৰি নিৰ্মাণ হ’বলগীয়া জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা কাইলৈ বিটিআৰৰ মুৰববী হাগ্রামা মহিলাৰীয়ে স্থাপন কৰিব। ইয়াৰ লগতে গৌৰাং নৈৰ পাৰত বিটিআৰৰ পাঁচখন জিলাৰ প্ৰায় ২৫ হাজাৰ শিল্পী আৰু অনুৰাগীয়ে অসমীয়া আৰু বড়ো ভাষাত মায়াবিনী গীতটি পৰিৱেশন কৰিব। এই অনুষ্ঠান সন্দৰ্ভত বিটিআৰ প্ৰশাসনৰ সূত্রই এইদৰে প্ৰকাশ কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিনটো পালনৰ বাবে অনুৰাগীসকল সাজু হৈছে। কায়িক বিচ্ছেদৰ যন্ত্রনা নেওচি তেওঁলোকে শিল্পীগৰাকীৰ গীতেৰে তেওঁলৈ শ্রদ্ধাঞ্জলি দিব। শিৱসাগৰত মিউজিকেল ছোচাইটি অব শিৱসাগৰ আৰু শিৱসাগৰবাসী ৰাইজৰ উদ্যোগত শিল্পী সমাজে প্ৰাণৰ শিল্পীলৈ শ্রদ্ধা নিবেদন কৰিব। এই উপলক্ষে শিৱসাগৰ বোর্ডিং খেলপথাৰত বিয়লি ৪ বজাত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীতেৰে তেওঁক শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে ৰাজ্যখনৰ প্ৰায় ৩০০ শিল্পী অহা ১৯ নবেম্বৰৰ সন্ধিয়া গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত সমবেত হ’ব। বিয়লি ৫ বজাৰ পৰা হ’বলগীয়া এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত ২০০তকৈ অধিক কণ্ঠশিল্পী আৰু ৭০গৰাকীৰো অধিক বাদ্যযন্ত্রীয়ে ৮ গৰাকী সংগীত পৰিচালকৰ তত্বাবধানত জুবিন গাৰ্গৰ দুকুৰি গীত পৰিবেশন কৰিব। দর্শকসকলে এই অনুষ্ঠান বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।