ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 29, 2025 7:39 PM | BelovedZubeen

printer

জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰে জড়িত অভিযুক্তক অতি শীঘ্ৰে গ্রেপ্তাৰৰ সম্ভাৱনা

ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰ তদন্তৰ পৰিপ্ৰেক্ষিতত ছিংগাপুৰৰ সৈতে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ আহ্বান জনাবলৈ কেন্দ্রীয় গৃহ মন্ত্র্যালয়ক আনুষ্ঠানিকভাবে আবেদন জনাইছে। এই আহ্বানৰ পাছতে গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰে সবিশেষ তথ্য প্ৰদান কৰাৰ লগতে অভিযুক্তক ওভতাই অনা আৰু ন্যায় প্রদান নিশ্চিত কৰাত সহায় হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে।

মুখ্যমন্ত্রীয়ে কয়, যে অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ সন্ধান অসম আৰক্ষীয়ে লাভ কৰিছে। অহা ২-৩ দিনৰ ভিতৰত অভিযুক্ত শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। আৰক্ষী সঞ্চালকপ্রধান হৰমিৎ সিঙে সাংবাদিকৰ আগত কয় যে এই ঘটনাৰ অনুসন্ধানৰ বাবে এছ আই টিয়ে ইতিমধ্যে ভালেমান তথ্য লাভ কৰিছে যদিও এতিয়াই তথ্যসমূহ ৰাজহুৱা কৰিব পৰা নাযায়। তেওঁ এই তদন্ত প্রক্রিয়া আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ওপৰত আস্থা ৰাখিবলৈ জনসাধাৰণক আহ্বান জনোৱাৰ লগতে উৰা বাতৰিত পতিয়ন যোৱা আৰু ভ্ৰান্ত তথ্য প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনায়।

ইপিনে, শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে কালি এজাহাৰ দাখিল কৰাৰ পাছত আজি জুবিন গাৰ্গৰ পত্নী গৰিমা গার্গে এই বিষয়ে সংবাদ মাধ্যমৰ আগত কয়, যে তেওঁ ন্যায় বিচাৰে আৰু তদন্ত প্ৰক্ৰিয়াৰ ওপৰত আস্থা ৰাখিছে। ছিংগাপুৰৰ ৰহস্যজনক দ্বীপটোলৈ জুবিন গাৰ্গক কিয় লৈ যোৱা হৈছিল আৰু কি পৰিস্থিতিত এই ঘটনা ঘটিবলৈ পালে এই প্রশ্নসমূহৰ উত্তৰ তেওঁ পোৱা উচিত বুলিও শ্রীমতী গার্গে মন্তব্য কৰে।

শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিয়ে আজি বাদ্যযন্ত্রী শেখৰ জ্যোতি গোস্বামী, অভিনেত্রী নিশিতা গোস্বামী আৰু কণ্ঠ শিল্পী অমৃতপ্রভা মহন্তক পুনৰ জেৰা কৰে। আটাইকেইজনে আৰক্ষীক জেৰাৰ সময়ত সহযোগ কৰিছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে শিল্পীগৰাকীৰ আদ্যশ্রাদ্ধ উপলক্ষে আজি তেওঁৰ কাহিলীপাৰাস্থিত বাসগৃহত মাংগলিক অনুষ্ঠানৰ লগতে বিভিন্ন স্থানত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সোণাপুৰৰ কমাৰকুছিত শিল্পীগৰাকীৰ শেষকৃত্যথলীত আজি সর্বধর্ম প্রার্থনা অনুষ্ঠিত হয়। অহা ১ অক্টোবৰত যোৰহাট স্টেডিয়ামত শিল্পীগৰাকীৰ শ্রাদ্ধানুষ্ঠানৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।