ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 21, 2025 7:23 PM | CM at Baksa

printer

জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত ৫ জনক বাক্সা জিলাৰ নিকাচীত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত সংঘটিত অপ্রীতিকৰ ঘটনাৰ বুজ লোৱাৰ বাবে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই স্থানীয় গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। জিলাখনৰ কুৱেৰী লক্ষ্মী মন্দিৰত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা ১৫ অক্টোবৰত জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত ঘটনাত আহত দুজন লোকৰ চিকিৎসাৰ বাবে ২ লাখ টকাকৈ চেক্ প্রদান কৰে। আহত দীপক মেধি আৰু বিদ্যুৎ কলিতাৰ চিকিৎসাৰ বাবে পৰিয়ালৰ লোকক এই চেক্ প্ৰদান কৰাৰ লগতে প্রয়োজন সাপেক্ষে দুয়োজন ব্যক্তিৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰে ব্যৱস্থা ল’ব বুলিও মুখ্যমন্ত্রীয়ে কয়। ১৫ অক্টোবৰৰ ঘটনাৰ পাছৰে পৰা গাঁওখনৰ বহু যুৱক ঘৰৰ পৰা আঁতৰি থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই যুৱকসকলক ঘৰলৈ ঘূৰি আহি আৰক্ষীক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। কুৱেৰীত থকা লক্ষ্মী মন্দিৰ আৰু শিৱ মন্দিৰৰ বাবে ১০ লাখ টকাকৈ অনুদান আগবঢ়োৱা হ’ব বুলিও মুখ্যমন্ত্রীয়ে আজি ঘোষণা কৰে। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে যোৱা ১৫ অক্টোবৰত সংঘটিত ঘটনাক দুর্ভাগ্যজনক আখ্যা দিয়াৰ লগতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি কয়।

ইপিনে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সঠিক দিশত আগবঢ়া নাই বুলি অভিযোগ কৰি অসম প্রদেশ কংগ্রেছে এই তদন্ত কেন্দ্রীয় তদন্তকাৰী সংস্থা চি বি আইৰ দ্বাৰা কৰাব লাগে বুলি দাবী জনাইছে। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত দলটোৱে আয়োজন কৰা এখন সংবাদমেলত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই দাবী জনোৱাৰ লগতে এছ আই টিৰ দ্বাৰা হোৱা তদন্তত এটা প্রভাবশালী চক্রই বিধি পথালি দিয়াৰ সম্ভাৱনা আছে বুলি কয়।