ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 22, 2025 7:35 PM | BJP Nyay Yatra

printer

জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰাৰ বাবে ৰাজ্যজুৰি বিজেপিৰ ন্যায় যাত্রা আৰম্ভ

জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰাৰ বাবে বিজেপিয়ে ৰাজ্যজুৰি ন্যায় যাত্রা আৰম্ভ কৰিছে। ইযাৰ অংশ হিচাপে শাসকীয় দলটোৱে আজি নলবাৰীৰ ছহিদ মুকুন্দ কাকতি খেলপথাৰৰ পৰা গৰ্ডন খেলপথাৰলৈ সমদল উলিয়ায়। এই যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্লবৰুৱা অংশগ্ৰহণ কৰে। ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্ত ক্ষীপ্ৰ কৰাৰ লগতে কোনো দোষীয়ে যাতে সাৰি যাব নোৱাৰে তাৰ বাবে শক্তিশালী অভিযোগনামা দাখিল কৰিবলৈ অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটক আহ্বান জনায়। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ফাষ্টট্ৰেক আদালত গঠন কৰি ক্ষীপ্ততাৰে তদন্ত চলাই দোষীক উপযুক্ত শাস্তি বিহি জুবিন গাৰ্গক ন্যায় দিবলৈ ন্যায়ালয়ক আহ্বান জনায়। উল্লেখযোগ্য যে দলটোৱে ৩০ অক্টোবৰলৈকে প্ৰতিখন জিলাৰ সদৰতে এই ন্যায় যাত্ৰা উলিয়াব।