বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে লোকসভাত আজি জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। ইয়াৰ লগতে তেওঁ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত কৰিবলৈ দাবী তোলে। যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত অনুষ্ঠান কৰিবলৈ গৈ কিদৰে কিংবদন্তি শিল্পীগৰাকীৰ মৃত্যু হ’ল সেই সন্দৰ্ভত তদন্ত কৰি শীঘ্ৰেই ন্যায় দিবলৈ তেওঁ আহ্বান জনায়।
Site Admin | December 3, 2025 8:27 PM
জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন দিবলৈ সাংসদ গৌৰৱ গগৈৰ আহ্বান