October 21, 2025 11:34 AM | JusticeForZubeenGarg

printer

জুবিনৰ শেষকৃত্য সম্পন্ন হোৱা সোণাপুৰৰ কমাৰকুছি স্থানক জুবিনক্ষেত্র হিচাপে পৰিচিত হোৱাটো বিচাৰে বুলি গৰিমা গার্গৰ প্রকাশ

 সোণাপুৰত থকা জুবিন গাৰ্গৰ সমাধি ক্ষেত্র নির্মাণক লৈ কালি শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণ সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ, আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত, অভিনেতা প্রাঞ্জল শইকীয়া, লেখিকা অনুৰাধা শৰ্মা পূজাৰী, ভাস্কর্য শিল্পী বীৰেন সিংহ, সংগীত শিল্পী পুলক বেনাৰ্জীকে ধৰি সমিতিখনৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা কথা বার্তাত গৰিমা গার্গে কয়, যে জুবিন গাৰ্গক নবপ্রজন্মৰ আগত চিনাকী কৰি দিব পৰাকৈ সকলো সমল সমাধিক্ষেত্রত থাকিব লাগিব। জুবিনৰ শেষকৃত্য সম্পন্ন হোৱা সোণাপুৰৰ কমাৰকুছি স্থানক জুবিনক্ষেত্র হিচাপে পৰিচিত হোৱাটো বিচাৰে বুলি গৰিমা গার্গে প্রকাশ কৰে। জুবিন গাৰ্গে প্ৰকৃতিক অন্তৰেৰে ভাল পাইছিল বুলি উল্লেখ কৰি গৰিমা গার্গে কয়, যে জুবিনক্ষেত্রখনো প্রাকৃতিক পৰিৱেশৰ সৈতে সংপৃক্ত হৈ থাকিব লাগিব।

ইপিনে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ’ব বুলি কেন্দ্রীয় ৰাজ্যমন্ত্রী পবিত্র মাৰ্ঘেৰিটাই কালি যোৰহাটত প্রকাশ কৰে। তদন্তকাৰী সংস্থাৰ ওপৰত আস্থা ৰাখিবলৈও তেওঁ ৰাইজলৈ আহ্বান জনায়।