ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন ১৯৬০ৰ অধীনত মৰিগাঁৱত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা

জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন ১৯৬০ৰ অধীনত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি এই আইনৰ নিয়ম ২০০১ৰ ৬ নম্বৰ আৰু ১ নম্বৰ ধাৰাৰ অধীনত কোনো জীৱ-জন্তুক অন্য জীৱ-জন্তুৰ দৃষ্টিগোচৰ হোৱাকৈ বধ কৰাত বাধা আৰাপ কৰা হৈছে। নিৰ্দেশনাত লগতে শিশুৰ সন্মুখত জীৱ-জন্তু বধ কৰাতো নিষিদ্ধ কৰা হৈছে। তদুপৰি জনস্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি পথৰ কাষত বজাৰ আদি আৱৰণ নোহোৱাকৈ কাটি ৰখা মাংস আদি বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এই নিৰ্দেশ অমান্য কৰিলে নিৰ্ধাৰিত আইনৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব বুলি কোৱা হৈছে।