কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিকশিত ভাৰত জি ৰাম জি আইন সন্দৰ্ভত দেশবাসীক কংগ্ৰেছে বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত শ্ৰী চৌহানে কয় যে এম জি এনৰেগাৰ জৰিয়তে কংগ্ৰেছে দিয়া সুবিধাসমূহ কেৱল কাগজত হে উপলবদ্ধ আছিল। দলটোৱে নিজৰ আদৰ্শ, ধাৰণা আদি ত্যাগ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে দৰিদ্ৰ কল্যাণ তথা দেশৰ প্ৰগতিৰ সৈতে কংগ্ৰেছ দলৰ কোনো সম্পর্ক নাই। শ্ৰী চৌহানে কয় যে বিকশিত ভাৰত জি ৰাম জি আইনৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়াললৈ পূৰ্বৰ ১০০ দিনীয়া নিয়োগ নিশ্চিতিৰ পৰিৱৰ্তে ১২৫ দিনীয়া নিয়োগ নিশ্চিতিৰ ব্যৱস্থা কৰা হৈছে। এম জি এনৰেগাৰ অধীনত ১০ কোটি সম্পদ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ ইয়াৰে ৮.৫ কোটি সম্পদ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিকদর্শনত সৃষ্টি হোৱা বুলি প্ৰকাশ কৰে। শ্ৰী চৌহানে লগতে কয় যে মোদী চৰকাৰৰ নেতৃত্বত ২৫ কোটি লোকক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত কৰা হৈছে। বিকশিত ভাৰত জি ৰাম জি আইনত অনুসূচীত জাতি-জনজাতি, মহিলা, দিব্যাংগ তথা দৰিদ্ৰসকলক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে। এই আইন অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰ্ম সংস্থাপন প্ৰদান কৰাত ব্যৰ্থ হ’লে নিবনুৱা ভাত্তা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি শ্ৰী চৌহানে সদৰি কৰে।
Site Admin | January 19, 2026 2:24 PM | Akashvani | Akashvani News | Sivraj Chauhan | Vikshit Bharat 2025
জি ৰাম জি আইন সন্দৰ্ভত দেশবাসীক কংগ্ৰেছে বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ