জি ৰামজি আইনে ৰাজ্যসমূহক ১৭ হাজাৰ কোটি টকা আবণ্টন দিছে

বিকশিত ভাৰত গ্ৰামীণ জীৱিকা আৰু নিয়োগ নিশ্চিত যোজনা অর্থাৎ জি ৰামজি আইনে ৰাজ্যসমূহক ১৭ হাজাৰ কোটি টকা আবণ্টন দিছে। এই আইন ২০ বছৰ পুৰণি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রামীণ নিয়োগ নিশ্চয়তা আইন- এমজিএনৰেগা, ২০০৫-ৰ সলনি কাৰ্যকৰী কৰা হৈছে। ভাৰতীয় ষ্টেট বেংক- এছ বি আইৰ এটা গৱেষণা প্ৰতিবেদন অনুসৰি এই আইন কার্যকৰী হোৱাৰ ফলত ৰাজ্যসমূহত পুঁজিৰ বিতৰণ অধিক উন্নত হ’ব। এই প্রতিবেদনত প্ৰকাশ পোৱা মতে এমজিএনৰেগাৰ সংশোধন আৰু নৱীকৰণৰ জৰিয়তে বিকশিত ভাৰত জি ৰামজিয়ে উন্নয়নৰ যাত্ৰাৰ ৰূপান্তৰমূলক ব্যৱস্থা আৰু কৌশলসমূহ সংহত কৰি তুলিব। এই আইনৰ দ্বাৰা প্ৰতিযোগিতামূলক প্রকল্প চিনাক্তকৰণ, উৎপাদনশীল সম্পদ সৃষ্টি, উপার্জন বৃদ্ধি আৰু দক্ষ নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। এছ বি আইৰ মুখ্য অর্থনৈতিক উপদেষ্টা ড° সৌম্যকান্তি ঘোষৰ নেতৃত্বত যুগুত কৰা এই প্ৰতিবেদনত বিকশিত ভাৰত জিৰামজি আইনে নিয়োগ সৃষ্টি ব্যৱস্থা শক্তিশালী কৰাৰ দিশত থকা পূৰ্ব দুৰ্বলতাসমূহ আঁতৰ কৰাৰ লগতে সমগ্র প্রক্রিয়াটোক স্বচ্ছ, পৰিকল্পিত আৰু প্ৰতিটো পৰ্যায়ত জৱাবদিহি কৰি তুলিব। উল্লেখযোগ্য যে সংসদৰ শীতকালীন অধিৱেশনত দুয়োখন সদনে বিকশিত ভাৰত জি ৰামজি বিধেয়ক গৃহীত কৰিছিল আৰু ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এই বিধেয়কত অনুমোদন জনোৱাৰ পাছতে আইন হিচাপে কাৰ্যকৰী হৈছিল। এই আইনে পূৰ্বৰ এমজিএনৰেগা পূৰ্বৰ এমজিএনৰেগাৰ ১০০ দিনৰ ঠাইত গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালক ১২৫ দিনৰ নিশ্চিত নিয়োগ প্ৰদান কৰিব।