জি-৭ শীৰ্ষ সন্মিলনৰ আপাহতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্রী মার্ক কাৰ্ণিৰ মাজত মত-বিনিময় কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্রী মার্ক কাৰ্ণিৰ মাজত জি-৭ শীৰ্ষ সন্মিলনৰ আপাহতে হ’বলগীয়া বৈঠকে দ্বিপাক্ষিক আৰু গোলকীয় বিষয় লৈ মত-বিনিময়ৰ সুযোগ প্ৰদান কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কানাডালৈ যাবলগীয়া প্রধানমন্ত্ৰীৰ আসন্ন ভ্রমণ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছৱালে কয় যে শ্রীমোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰীৰ পৰা যোৱা সপ্তাহত জি-৭ শীর্ষ সন্মিলনলৈ আমন্ত্ৰণ লাভ কৰিছে। শ্ৰীজয়ছৱালে আন এটা প্ৰশ্নৰ উত্তৰত কয় যে ভাৰত আৰু কানাডাৰ বিধি বলবৎকাৰী সংস্থাসমূহৰ মাজৰ বৰ্তমানৰ ব্যৱস্থাৰ অধীনত পাৰস্পৰিক সুৰক্ষাজনিত উদ্বেগৰ বিষয় লৈ আলোচনা চলি আছে। আগলৈও এই আলোচনা অব্যাহত থাকিব বুলিও তেওঁ মন্তব্য কৰে। স্মার্ট ফোন, কম্পিউটাৰ, হার্ড ড্রাইভছ আৰু এল ই ডি লাইট লেখিয়া সা-সামগ্ৰীত ব্যৱহৃত কেতবোৰ দুৰ্লভ উপাদানৰ ৰপ্তানি নিয়ন্ত্ৰণৰ বাবে চীনে লোৱা সিদ্ধান্ত সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয় যে চীনৰ বাণিজ্যিক মন্ত্ৰালয়ে এপ্ৰিলৰ প্ৰথম ভাগত এই সিদ্ধান্ত ঘোষণা কৰিছে। তেওঁ কয় যে চৰকাৰে আন্তঃৰাষ্ট্ৰীয় প্রথা অনুসৰি ব্যৱসায়ৰ বাবে যোগান শৃংখলাৰ পূৰ্বানুমান অধিক নিখুঁত কৰি তোলাৰ বাবে বিষয়টো সন্দৰ্ভত চীনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।