● দেশৰ উদ্যোগ জগতে শেহতীয়া জি এছ টি সংস্কাৰ ব্যৱস্থাক আদৰণি জনাই কৰ ব্যৱস্থাৰ সৰলীকৰণৰ ফলস্বৰূপে ব্যৱসায়-বাণিজ্য পূৰ্বতকৈ সহজ হৈ উঠিব বুলি মত প্ৰকাশ কৰিছে। ভাৰতীয় উদ্যোগ মহাসংঘ চি আই আয়ে এই সন্দৰ্ভত কয় যে ৫ শতাংশ আৰু ১৮ শতাংশৰ দুই তৰপীয়া জি এছ টিৰ ব্যৱস্থাই ধন ঘুৰাই পোৱা প্ৰক্ৰিয়াৰ লগতে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ কাম-কাজ সৰল কৰি তুলিব। গাইগুটীয়া জীৱন বীমা আৰু স্বাস্থ্য বীমা খণ্ডক জি এছ টিৰ পৰা ৰেহাই দিয়া কাৰ্যৰ শলাগ লৈ ইয়াৰ ফলত সংশ্লিষ্ট সকলো পক্ষ উপকৃত হ’ব বুলি মহাসংঘই মত প্ৰকাশ কৰে। একেদৰে ফেডাৰেচন অব ইণ্ডিয়ান চেম্বার্ছ অব কমার্চ এণ্ড ইণ্ডাষ্ট্রী চমুকৈ এফ আই চি চি আইয়ে শেহতীয়া এই সংস্কাৰ সাধনে সংগ্ৰহৰ পৰিমাণ সুস্থিৰভাৱে বৃদ্ধি হোৱা পৰোক্ষ কৰ ব্যৱস্থাৰ পৰিপক্কতাক প্ৰতিফলিত কৰা বুলি মত প্ৰকাশ কৰিছে। সংস্থাটোৰ ভূতপূর্ব অধ্যক্ষ সুব্রকান্ত পাণ্ডাই এই ব্যৱস্থাক বৃহৎ কথা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰি কয় যে ইয়াৰ ফলত ব্যৱস্থাটোৰ সৈতে জড়িত ভালেমান কাম-কাজ সৰল হোৱাৰ পথ প্ৰশস্ত হৈ পৰিল। তদুপৰি এই ব্যৱস্থাই আত্মনিৰ্ভৰ ভাৰতৰ ভেটি শক্তিশালী কৰি তোলা বুলিও তেওঁ মত প্ৰকাশ কৰে।
Site Admin | September 4, 2025 3:57 PM | Akashvani | Akashvani News | GST | Indian Company | Industry
জি এছ টি সংস্কাৰ ব্যৱস্থাক আদৰণি দেশৰ উদ্যোগিক খণ্ডৰ
