ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জি এছ টি ব্যৱস্থাৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে কৰ আৰোপন প্ৰণালীক অধিক দক্ষ, যুক্তিসংগত আৰু বিকাশমুখী কৰি তোলাঃ নির্মলা সীতাৰমণ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমনে জি এছ টি ব্যৱস্থাৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে কৰ আৰোপন প্ৰণালীক অধিক দক্ষ, যুক্তিসংগত আৰু বিকাশমুখী কৰি তোলা বুলি মন্তব্য কৰিছে। নিয়মিত কদাতাসকলৰ বাবে জীৱন সহজলভ্য কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি গাজিয়াবাদত কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ ভৱন উন্মোচন কৰি দক্ষ কৰ প্ৰণালীয়ে অর্থনৈতিক সন্মিলন আৰু অধিক সমৃদ্ধশালী কৰিব বুলিও উল্লেখ কৰে। জি এছ টি পৰিষদে জি এছ টিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সহজ, নিৰৱিচ্ছিন্ন আৰু অধিক স্বচ্ছ কৰি তুলিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্রীসীতাৰমনে লগতে কয় যে অহা মাহৰ ১ তাৰিখৰ পৰা এই সহজ জি এছ টি পঞ্জীয়ন আঁচনি কাৰ্যকৰী হ’ব। মন্ত্ৰীগৰাকীয়ে কয় যে যিসকল আবেদনকাৰীৰ মাহিলী কৰৰ দেনা-পাওনা আঢ়ৈ লাখ টকাৰ সীমা অতিক্ৰম নহয় তেওঁলোকৰ স্বয়ংক্রিয় পঞ্জীয়ন কৰ্মদিনৰ তিনি দিনৰ ভিতৰত অনুমোদিত কৰা হ’ব। এই পদ্ধতিয়ে ৯৬ শতাংশ নতুন আবেদনকাৰীক লাভান্বিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে। কদাতাসকলৰ বাবে সময় মতে আৰু মানসম্পন্ন সেৱা প্ৰদান কৰিবলৈ জি এছ টি সেৱা কেন্দ্ৰসমূহ সহজলভ্য আৰু প্রশিক্ষণপ্রাপ্ত কৰ্মচাৰীৰে সুন্দৰভাৱে পৰিচালতি হ’ব বুলিও তেওঁ লগতে আশ্বাস প্রদান কৰে।