প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি এছ টিৰ পৰিৱৰ্তনক পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ বুলি উল্লেখ কৰি কয়, যে এই ব্যৱস্থাই ভাৰতৰ অৰ্থনীতি সবল কৰাৰ লগতে মধ্যবিত্ত, যুৱ আৰু উপভোক্তাসকলক সকাহ দিব। আজি নৱৰাত্ৰিৰ প্রথম দিনটোৰ পৰা কাৰ্যকৰী হ’বলগীয়া জি এছ টিৰ নতুন সংস্কাৰ সন্দৰ্ভত কালি দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। এই নতুন জি এছ টি সংস্কাৰক সঞ্চয় উৎসৱ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে এই ব্যৱস্থাই কৰ ৰাহি কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস কৰিব। এই নতুন কৰ সংস্কাৰৰ জৰিয়তে দেশে আত্মনিৰ্ভৰ ভাৰতৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে বুলি তেওঁ লগতে প্ৰকাশ কৰে। আজিৰে পৰা প্রযোজ্য হোৱা নতুন জি এছ টিত পূৰ্বৰ ১২ আৰু ২৮ শতাংশ কৰ আঁতৰাই ৫ আৰু ১৮ শতাংশ কৰ আৰোপ কৰা হৈছে।
Site Admin | September 22, 2025 7:15 PM | Akashvani News | narendra modi | PMO Modi
জি এছ টিৰ পৰিৱৰ্তনক পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ বুলি উল্লেখ প্রধানমন্ত্ৰী মোদীৰ