February 7, 2025 11:07 AM | CM-DC Meet

printer

জিলা আয়ুক্তসকলৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ’ কনফাৰেন্সিংযোগে বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংযোগে এখন বৈঠকত মিলিত হয়। বৈঠকখনত অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানকে ধৰি ৰাজ্যৰ আৰ্থ- সামাজিক উন্নয়নত বিশেষ ভূমিকা থকা আঁচনিসমূহক লৈ আলোচনা কৰা হয়। জিলা আয়ুক্তসকলৰ পৰা ড০ শৰ্মাই আঁচনিসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আঁচনিসমূহৰ দ্বাৰা ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ জনসাধাৰণ উপকৃত হোৱাটো সুনিশ্চিত কৰিবলৈ তেওঁলোকক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে জিলা অভিভাৱক মন্ত্ৰী তথা বিধায়কসকলৰ সৈতে আলোচনা কৰি আঁচনিসমূহ তৃণমূল পৰ্যায়ত সঠিকভাৱে ৰূপায়ণ কৰিবলৈও নির্দেশ দিয়ে। একেখন বৈঠকতে ড০ শৰ্মাই অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া ঝুমইৰ বিনন্দিনী শীর্ষক অনুষ্ঠানক লৈ চলি থকা প্রস্তুতি সন্দৰ্ভতো আলোচনা কৰে। অনুষ্ঠানটো ৰাজ্যৰ বিভিন্ন বাগানৰ জনসাধাৰণে উপভোগ কৰিব পৰাকৈ পোনপটীয়া প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক নির্দেশ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।