ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 1, 2024 1:02 PM | shooting

printer

জাৰ্মানীত অনুষ্ঠিত বধিৰ শ্বুটি চেম্পিয়নশ্বিপত ভাৰত এটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ

জাৰ্মানীৰ হানোৱাৰত অনুষ্ঠিত বধিৰ শ্বুটি চেম্পিয়নশ্বিপত ভাৰতে এটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকসহ মুঠ চাৰিটা পদক লাভ কৰিছে। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত অনুয়া প্ৰসাদে সোণৰ পদক লাভ কৰে । অভিনৱ দেশৱালে পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ৰূপৰ পদক লাভ কৰে। আনহাতে অভিনৱ দেশৱালে শুভম বশিষ্ট আৰু চেতন চপকালে পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে। উল্লেখযোগ্য যে, ১৬ খন দেশত ৬৯ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।