ডাউনলোড
মোবাইল এপ

android apple
signal

জালিয়ানবালাবাগৰ শ্বহীদসকলৰ প্ৰতি ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জালিয়ানবালাবাগৰ শ্বহীদসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ১৯১৯ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক স্মৰণ কৰি কয়, যে তেওঁলোকৰ এই ত্যাগে দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰৱাহক শক্তিশালী কৰি তুলিছিল। এই সকল অমৰ শ্বহীদৰ অনুপ্ৰেৰণাত দেশবাসীয়ে নিজৰ সমগ্ৰ সত্তাৰে ভাৰতৰ প্ৰগতিত অৰিহণা যোগাই যাব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয় যে বীৰ আত্মাসকলৰ অতুলনীয় বলিদান আমাৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত খোদিত হৈ আছে। ভাৰতবাসী তেওঁলোকৰ সাহসৰ বাবে চিৰ ঋণী হৈ থাকিব বুলি তেওঁ কয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত কয়, যে নৱ প্ৰজন্মই শ্বহীদসকলৰ অদম্য মনোভাৱ সদায় স্মৰণ কৰিব। তেওঁ কয়, যে সেয়া আছিল জাতীয় ইতিহাসৰ অন্ধকাৰ অধ্যায়। শ্রীমোদীয়ে লগতে কয় যে তেওঁলোকৰ ত্যাগ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক বৃহৎ পদক্ষেপ হৈ ৰ’ব।

অধিক পঢ়ক

সকলো চাওক