জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাটানিৰ সৈতে নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দ্বিপাক্ষিক বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাটানিৰ সৈতে নতুন দিল্লীত দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োখন দেশে সন্ত্রাসবাদক গৰিহণা দিয়াৰ লগতে ভাৰত জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ দিশসমূহ আলোচনা কৰে। ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সম্পৰ্ক সূদৃঢ় কৰাৰ লগতে আঞ্চলিক শান্তিৰ বাবে দুয়োখন দেশে প্রতিশ্রুতিবদ্ধ হয়। দুয়োগৰাকী নেতাই ভাৰত আৰু জাপানৰ মাজৰ সামুদ্রিক সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে নতুন মাত্রা সংযোজন কৰিবলৈ সন্মত হয়। আৰম্ভণি ভাষণত শ্ৰী সিঙে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰেক্ষাপটত ভাৰত চৰকাৰলৈ আগবঢ়োৱা আন্তৰিকতাপূর্ণ সহমর্মিতাৰ বাবে জাপান চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। একে সময়তে তেওঁ দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষামূলক সম্পৰ্ক অধিক গভীৰ কৰি তোলাৰ বিষয়ত আগবঢ়োৱা বৰঙণিৰ বাবে জেনেৰেল নাকাটানিৰ শলাগ লয়। জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাৰ বাবে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাটানিয়ে শোক প্ৰকাশ কৰে আৰু ভাৰতক পূৰ্ণ সমর্থন জনায়। বৈঠকৰ পূৰ্বে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক তিনিওটা বাহিনীয়ে সামৰিক অভিবাদন জ্ঞাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।