ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জাপানৰ নিম্ন সদনৰ অধ্যক্ষ নুকাগা ফুকুছিৰোৰ অসম ভ্ৰমণ

জাপানৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছ তথা নিম্ন সদনৰ অধ্যক্ষ নুকাগা ফুকুছিৰো অসমলৈ আহিব। ফুকুছিৰোৰ সৈতে জাপানৰ সাংসদ, জাপান চৰকাৰৰ উচ্চ পৰ্যায়ৰ আমোলা বিষয়া, ব্যৱসায়ী আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিকে ধৰি এটা ৫৫ জনীয়া দলে অসম ভ্ৰমণ কৰিব। আজি সন্ধিয়া দলটোৱে গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰিব। বিমান বন্দৰৰ পৰা পোনে পোনে অসম বিধানসভা ভৱনলৈ আহিব। বিধানসভাত জাপানৰ প্ৰতিনিধিৰ দলটো ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু অসম বিধানসভাৰ অধ্যক্ষৰ সৈতে বৈঠকত মিলিত হ’ব। জাপানৰ এই প্ৰতিনিধি দলটোৰ সন্মানার্থে বিধানসভাৰ চৌহদতে সাংস্কৃতিক অনুষ্ঠান তথা নৈশ ভোজৰো আয়োজন কৰা হৈছে। দলটোৱে কাইলৈ গুৱাহাটী আই আই টি আৰু জাগীৰোডত নির্মীয়মান ছেমিকণ্ডাক্টৰ প্রকল্পস্থলী পৰিদৰ্শন কৰিব। দলটোৱে স্বাস্থ্য, শিক্ষা, মানৱ সম্পদ সন্দৰ্ভত মুখ্যমন্ত্রী তথা বিধানসভাৰ অধ্যক্ষৰ সৈতে আলোচনাত মিলিত হ’ব। অসমত বিভিন্ন ক্ষেত্ৰত বিনিয়োগ সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে। জাপানৰ নিম্ন সদনৰ অধ্যক্ষসহ প্ৰতিনিধিৰ দলটো ৫ মে’ত অসমৰ পৰা উভতি যাব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নুকাগা ফুকুছিৰোৰ নেতৃত্বত অসমলৈ অহা জাপানৰ প্ৰতিনিধি দলটোক সামাজিক মাধ্যমযোগে আদৰণি জনোৱাৰ লগতে প্ৰতিনিধিৰ দলটোৰ এই ভ্রমণে জাপানৰ সৈতে অসমৰ সহযোগিতাৰ বান্ধোন বৃদ্ধি কৰিব বুলি আশা প্রকাশ কৰে৷