October 2, 2025 12:53 PM | Prez

printer

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৬ সংখ্যক জন্ম জয়ন্তীত ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৬ সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুমুৱে কয় যে এয়া জাতিৰ পিতাৰ আদৰ্শ আৰু মূল্যবোধৰ প্ৰতি উৎসৰ্গা কৰাৰ এটা অনুষ্ঠান। তেওঁ লগতে কয় যে মহাত্মা গান্ধীয়ে শান্তি, সহনশীলতা, আৰু সত্যৰ বাৰ্তা দিছে, যিটো সমগ্ৰ মানৱ জাতিৰ বাবে এক প্ৰেৰণা। তেওঁ উল্লেখ কৰে যে মহাত্মা গান্ধীৱে অস্পৃশ্যতা, নিৰক্ষৰতা, মাদকদ্ৰব্যৰ প্ৰতি আসক্তি আৰু অন্যান্য অ সামাজিক কাৰ্য নিৰ্মূলৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু সমাজৰ দুৰ্বল শ্ৰেণীক শক্তি আৰু সমৰ্থন আগবঢ়াইছিল। ৰাষ্ট্ৰপতি মুমুৱে কয় যে মহাত্মা গান্ধীয়ে স্বাৱলম্বী, স্বনিৰ্ভৰ, আৰু শিক্ষিত ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে যতৰৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ বাৰ্তা দিছিল। ৰাষ্ট্ৰপতি গৰাকীয়ে সত্য আৰু অহিংসাৰ পথ অনুসৰণ কৰিবলৈ, ৰাষ্ট্ৰৰ কল্যাণ আৰু প্ৰগতিৰ প্ৰতি দায়বদ্ধ হৈ থাকিবলৈ নাগৰিকসকলক আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।