ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জাতিংগা আৰু লামপুৰৰ মাজত প্ৰৱল ভূমিস্খলনৰ বাবে বহুকেইখন ৰে’লৰ যাত্ৰা বাতিল

■ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনস্থ জাতিংগা আৰু লামপুৰৰ মাজৰ এঠাইত ৰে’লপথত হোৱা প্ৰৱল ভূমিস্খলনৰ বাবে লামডিং আৰু শিলচৰৰ মাজত সকলোধৰণৰ ৰে’লসেৱা যোৱানিশাৰে পৰা বাতিল কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই জনোৱা মতে ইয়াৰ ফলত ১৫৬১৫ গুৱাহাটী শিলচৰ এক্সপ্ৰেছ, ১৫৬১১ আৰু ১৫৬১২ ৰঙিয়া-শিলচৰ এক্সপ্ৰেছ, ১৫৬১৭ আৰু ১৫৬১৮ দুৰ্লভছৰা গুৱাহাটী এক্সপ্ৰেছ, নাহৰলগুন-শিলচৰ এক্সপ্ৰেছ, কাঞ্চনজংঘা এক্সপ্ৰেছ, তিৰুচিৰাপল্লী এক্সপ্ৰেছ, ৰে’লগাড়ীকেইখনৰ যাত্ৰা অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হৈছে। আমাৰ হোজাইৰ সংবাদদাতাই জনোৱা মতে ৰে’লগাড়ীসমূহ বাতিল হোৱাৰ ফলত লামডিং জংচনত বৰ্তমান বৰাক উপত্যকা আৰু ডিমা হাচাওলৈ যাবলগীয়া যাত্ৰীসকলৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। কাছাৰ জিলাৰ বদৰপুৰৰ গেমন দলঙৰ মেৰামতিৰ কাম চলি থকাৰ লগতে শিলচৰ-কালাইন পথৰ হাৰাং দলং ভাগি পৰাৰ ফলত বৰাক উপত্যকাৰ সৈতে দেশৰ বাকী অংশৰ পথ যোগাযোগো বিচ্ছিন্ন হৈ আছে। এনে পৰিস্থিতিত আজি গুৱাহাটীত হ’বলগীয়া প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনৰ নথি পৰীক্ষণ আৰু মৌখিক পৰীক্ষা বৰাক উপত্যকাৰ প্ৰাৰ্থীসকলৰ বাবে স্থগিত ৰখা হৈছে।