জাগীৰোডত শীঘ্ৰেই স্থায়ীভাৱে অগ্নিনির্বাপক বাহিনীৰ কাৰ্যালয় স্থাপন কৰা হ’ব বুলি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য

জাগীৰোডত শীঘ্ৰেই স্থায়ীভাৱে অগ্নিনির্বাপক বাহিনীৰ কাৰ্যালয় স্থাপন কৰা হ’ব বুলি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি সদৰি কৰিছে। তেওঁ কয় যে পাঁচ বছৰ পূৰ্বে ৰাজ্য চৰকাৰে জাগীৰোডত অগ্নিনির্বাপক বাহিনীৰ কাৰ্যালয় স্থাপনৰ বাবে অনুমোদন জনাইছিল যদিও চৰকাৰী ভূমিৰ অভাৱত জাগীৰোডত এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা হোৱা নাছিল। পূৰ্বে কাগজ কল থকা তথা সদ্যহতে চেমিকণ্ডাক্টৰ উদ্যোগৰ কাম অব্যাহত থকা স্থানত ৩ বিঘা ভূমিত অগ্নিনির্বাপক বাহিনীৰ কাৰ্যালয় স্থায়ীভাৱে স্থাপন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আজি সদৰি কৰিছে।