ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 7, 2024 7:42 PM | Akashvani | Jagiroad

printer

জাগীৰোডত কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে জাগীৰোডত এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনোৱাত অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাৰ পাছতেই জাগীৰোড কেন্দ্ৰীয় বিদ্যালয় সুৰক্ষা সমিতিয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে।

উল্লেখযোগ্য যে হিন্দুস্তান কাগজ নিগমৰ অধীনস্থ নগাওঁ কাগজ কলৰ অধীনত জাগীৰোডত এখন কেন্দ্ৰীয় বিদ্যালয় চলি আছিল যদিও কাগজ কল বন্ধ হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সন্দৰ্ভত অনিশ্চয়তাৰ সৃষ্টি হৈছিল। কেন্দ্ৰীয় বিদ্যালয়খন স্থাপনৰ বাবে জনোৱা অনুমোদনে ছাত্র-ছাত্রী তথা অভিভাৱকসকলক সকাহ দিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, কেন্দ্ৰীয় মন্ত্রীসভাই ৮৫ খন নতুন কেন্দ্ৰীয় বিদ্যালয় আৰু ২৮ খন নতুন নৱোদয় বিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে। জাগীৰোডৰ কেন্দ্ৰীয় বিদ্যালয়খনৰ উপৰি শোণিতপুৰ, চৰাইদেউ, দক্ষিণ শালমাৰা মানকাচৰ, পশ্চিম কাৰ্বি আংলং আৰু মাজুলীত নতুনকৈ নৱোদয় বিদ্যালয় স্থাপন কৰাৰ কথা মন্ত্রীসভাই ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।