ডাউনলোড
মোবাইল এপ

android apple
signal

March 1, 2025 8:25 PM | Pijush Meet

printer

জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীেৰ মন্ত্ৰী পীাযুষ হাজৰিকাৰ বৈঠক

বান আৰু খহনীয়া সমস্যা সমাধানৰ লক্ষ্যৰে মন্ত্ৰী পীযূষ হাজৰিকাই আজি জলসম্পদ বিভাগৰ বিষয়া- কৰ্মচাৰীসকলৰ সৈতে বৈঠকত মিলিত হয়। গুৱাহাটীৰ বশিষ্ঠৰ অসম জল ভৱনত আয়োজিত এই বৈঠকত জ্যেষ্ঠ বিষয়া, ঠিকাদাৰসকলৰ সৈতে বিভাগীয় কামত জড়িত ভালেকেইগৰাকী ব্যক্তিয়ে অংশ লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণ, অসমৰ অধীনত বিভিন্ন শিতানত চলি থকা আৰু অনাগত দিনত সম্পন্ন হ’বলগীয়া কামসমূহৰ বিষয়ে বুজ লয়। বান আৰু খহনীয়া প্ৰতিৰোধী কামসমূহ সুচাৰুৰূপে তথা ক্ষিপ্ৰতাৰে সম্পাদন সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। এই বৈঠকত বান, খহনীয়া প্ৰতিৰোধী কামৰ বাবে পৰ্যাপ্ত পৰিমাণে জিঅ’ বেগ, পার্কুপাইন আদি প্রয়োজনীয় সামগ্রী, সকলো স্থানতে প্রয়োজনীয় সামগ্ৰীৰ উপলভ্যতা আদি সন্দৰ্ভত আলোচনা কৰা হয়। কাম চলি থকা স্থানত যাতে প্রয়োজনীয় সামগ্ৰীৰ অভাৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ তেওঁ অভিযন্তা, ঠিকাদাৰসকলক নিৰ্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক