September 23, 2024 8:33 PM | Rajnath Singh

printer

জয়পুৰত সামৰিক বিদ্যালয় আনুষ্ঠানিক উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় সেনাক শক্তিশালী কৰাৰ ক্ষেত্ৰত সামৰিক বিদ্যালয়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে বুলি মন্তব্য কৰিছে। আজি জয়পুৰত এখন সামৰিক বিদ্যালয় আনুষ্ঠানিকভাবে উদ্বোধন কৰি শ্ৰী সিঙে কয় যে, ৰাজস্থান সংস্কৃতি আৰু বীৰত্বৰ বাবে প্ৰসিদ্ধ ৷ এই সামৰিক বিদ্যালয়খন চলিত শিক্ষা বৰ্ষতে ইতিমধ্যে কাৰ্যকৰী হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই বিদ্যালয়খন কেন্দ্ৰীয় চৰকাৰৰ এশ খন ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব ব্যৱস্থাৰে মুকলি হবলগীয়া সামৰিক বিদ্যালয়সমূহৰ অন্যতম।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।