ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 7, 2024 12:27 PM | Amit Shah

printer

জম্মু-কাশ্মীৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গেক কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ তীব্র সমালোচনা

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জয়পুৰৰ এটা সমাবেশত জম্মু-কাশ্মীৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গেক তীব্র সমালোচনা কৰিছে। শ্ৰীশ্বাহে কালি সামাজিক মাধ্যমযোগে কয় যে, কংগ্ৰেছ দলে কাশ্মীৰৰ সৈতে কি সম্পর্ক বুলি প্ৰশ্ন কৰাটো সঁচাকৈয়ে লজ্জাজনক। শ্ৰীশ্বাহে কয় যে, তেওঁ কংগ্ৰেছ দলক সোঁৱৰাই দিব খোজে যে জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু প্ৰতিখন ৰাজ্য তথা নাগৰিকৰ জম্মু-কাশ্মীৰৰ ওপৰত অধিকাৰ আছে, যিধৰণে জম্মু-কাশ্মীৰ জনসাধাৰণৰ দেশৰ বাকী অংশৰ ওপৰত অধিকাৰ আছে। তেওঁ কয় যে, কংগ্রেছে হয়তো নাজানে জম্মু-কাশ্মীৰৰ শান্তি আৰু সুৰক্ষাৰ হকে ৰাজস্থানৰ কিমানগৰাকী বীৰ সন্তানে নিজৰ জীৱন উৎসৰ্গা দিছে। এনেধৰণৰ বিবৃতিয়ে দেশৰ একতা আৰু অখণ্ডতাক লৈ চিন্তিত প্ৰতিগৰাকী দেশপ্রেমী নাগৰিকৰ মনত আঘাত দিয়ে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।