ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা- এন আই এয়ে দিল্লী গাড়ী বোমা বিস্ফোৰণৰ তদন্তৰ অংশ হিচাপে জম্মু- কাশ্মীৰ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত তালাচী অভিযান অব্যাহত ৰাখিছে। এটা বিবৃতি যোগে এন আই এয়ে জম্মু-কাশ্মীৰৰ ছ’পিয়ান, কুলগাম, পুলৱামা আৰু অৱন্তিপুৰ জিলাৰ মুঠ ৮টা অঞ্চল তথা লক্ষ্ণৌৰ এটা স্থানত কালি অভিযান চলোৱা বুলি প্ৰকাশ কৰিছে। সংস্থাটোৱে লগতে দুয়োখন ৰাজ্যৰ কেইবাজনো অভিযুক্ত আৰু সন্দেহজনক লোকৰ চৌহদত চলোৱা অভিযানকালত ভালেমান ডিজিটেল সা-সামগ্ৰীৰ লগতে আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে। ইয়াৰ পূৰ্বে যোৱা মাহত এন আই এয়ে এই বিস্ফোৰণত মূল অভিযুক্ত ডা০ মুজ্জামিল ছাকিল গনি আৰু ডা০ শাহিন ছৈয়দৰ বাসগৃহৰ লগতে হাৰিয়ানাৰ ফৰিদাবাদত থকা অল ফালাহ বিশ্ববিদ্যালয়ৰ চৌহদ আৰু অন্যান্য অঞ্চলতো তালাচী চলাইছিল। সংস্থাটোৱে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। এন আই এয়ে দিল্লী বোমা বিস্ফোৰণ ঘটনাত জড়িত প্ৰতিজন অভিযুক্তকে অনুসৰণ কৰি গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত বিভিন্ন ৰাজ্যৰ আৰক্ষী বাহিনীৰ সৈতে ঘনিষ্ঠভাৱে কাম অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে।
Site Admin | December 2, 2025 11:38 AM | NIA Investigation
জম্মু- কাশ্মীৰ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত এন আই এৰ তালাচী অভিযান অব্যাহত