ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 11, 2025 8:49 PM | J&K

printer

জম্মু-কাশ্মীৰৰ ৰাজ্যিক অনুসন্ধান সংস্থাৰ জম্মু, ডোডা আৰু হান্দৱাড়াৰ তিনিটা অঞ্চলত তালাচী অভিযান

জম্মু-কাশ্মীৰৰ ৰাজ্যিক অনুসন্ধান সংস্থাই সন্ত্রাসবাদী বিত্তীয় তদন্তৰ অংশ হিচাপে জম্মু, ডোডা আৰু হান্দৱাড়াৰ তিনিটা অঞ্চলত তালাচী অভিযান চলায়। সন্ত্রাসবাদক ইন্ধন যোগাবলৈ আৰু শান্তি ভংগ কৰিবলৈ ক্রিপ্‌’কাৰেন্সিৰ জৰিয়তে সীমান্তত ধন যোগান ধৰা ষড়যন্ত্ৰ ফাদিলৰ লক্ষ্য হিচাপে এই তালাচী চলোৱা হৈছিল । ৰাজ্যিক অনুসন্ধান সংস্থাৰ তথ্য অনুসৰি এই অভিযানৰ লক্ষ্য হৈছে যুৱক-যুৱতীসকলক দেশৰ বিৰুদ্ধাচৰণ কৰিবলৈ উচতনি দিয়া লোকসকলক চিনাক্ত কৰি উলিওৱা। ইয়াৰ জৰিয়তে ইলেকট্রনিক উপকৰণকে ধৰি বহুতো গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ কৰা হয়, যিবোৰে গোপন বিত্তীয় নেটৱৰ্ক উন্মোচন কৰাৰ ক্ষেত্ৰত অগ্রগতি হিচাপে চিহ্নিত হৈছে। এই তদন্তৰ ফলত ৰাষ্ট্ৰবিৰোধী গতিবিধিৰ সৈতে মুখ্য সহযোগী ষড়যন্ত্ৰকাৰীসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হব বুলি আশা কৰা হৈছে ।