ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 15, 2025 6:43 PM | Jammu and Kashmir

printer

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বধাল গাঁৱত অচিন ৰোগত পৰি আৰু দুজন লোকে প্ৰাণ হেৰুৱায়

জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বুদ্ধল তেহচিলৰ বধাল গাঁৱত যোৱা ২৪ ঘণ্টাত অচিন ৰোগত পৰি আৰু দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ যোৱা ডিচেম্বৰৰ পৰা অঞ্চলটোত এনে ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি পালে । জম্মু কাশ্মীৰৰ মুখ্য সচিব অটল দুৰ্ল্লই কালি মৃত্যুৰ কাৰণ সম্পৰ্কে চালি জাৰি চোৱাৰ বাবে স্বাস্থ্য বিশেষজ্ঞ আৰু ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ সৈতে হোৱা এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত ৰাজীৱ গান্ধী চিকিৎসা শিক্ষা আৰু গৱেষণাৰ স্নাতকোত্তৰ প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় বিষাণু গৱেষণা প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিশেষজ্ঞসকলক মৃত লোকসকলৰ নমুনাত সংক্ৰমনৰ লক্ষণ নাই যদিও নিউৰোটক্সিনৰ অৱস্থিতি ধৰা পৰা বুলি জানিবলৈ দিয়ে। যোৱা মাহৰ পৰা হোৱা মৃত্যুক লৈ অঞ্চলটোত শংকাৰ সৃষ্টি হৈছে যদিও এতিয়ালৈকে মৃত্যুৰ কাৰণ স্পষ্ট হোৱা নাই।