ডাউনলোড
মোবাইল এপ

android apple
signal

July 23, 2025 12:35 PM | Jammu and Kashmir

printer

জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদত প্ৰভাৱিত হোৱা পৰিয়ালসমূহক সমৰ্থনৰ উদ্দেশ্যেৰে ৱেব প’ৰ্টেল মুকলি

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই ৰাজ্যখনৰ সন্ত্ৰাসবাদত প্ৰভাৱিত হোৱা পৰিয়ালসমূহক সমৰ্থন কৰাৰ উদ্দেশ্যেৰে এটা ৱেব প’ৰ্টেল মুকলি কৰিছে। এই ৱেব পৰ্টেলটোৰ জৰিয়তে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ সন্ত্ৰাসবাদত প্রভাৱিত লোকসকলক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা খৰতকীয়া কৰাৰ লগতে অন্যান্য সহায়-সমর্থন সময়মতে আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ’ব। কালি মুকলি কৰা এই ৱেব প’ৰ্টেলটোৰ জৰিয়তে জিলাভিত্তিক তথ্য সংগ্ৰহ কৰাৰ লগতে আগবঢ়োৱা সাহায্যৰ নিৰীক্ষণ তথা কোনো প্রকৃত ভুক্তভোগী যাতে বাদ পৰি নাযায় তাক নিশ্চিত কৰা হ’ব। এই পদক্ষেপৰ জৰিয়তে বিত্তীয় আৰু এককালীন সাহায্যৰ উপৰি ভুক্তভোগী পৰিয়ালৰ লোকক নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব। উপ-ৰাজ্যপালে নিজাববীয়াকৈ এই ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰাৰ লগতে সময়মতে সহায় আগবঢ়োৱা আৰু ব্যৱস্থাটো স্বচ্ছ কৰি ৰখাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। কোনো ভুক্তভোগীৰ বিনষ্ট হোৱা সম্পত্তিৰো তথ্য নথিভুক্ত কৰা হ’ব। ইয়াৰ বাবে জম্মু আৰু কাশ্মীৰত বিনামূলীয়া হেল্পলাইন সেৱাৰো ব্যৱস্থা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক