ডাউনলোড
মোবাইল এপ

android apple
signal

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীত ক্ষতিগ্ৰস্ত কিস্তৱাৰৰ ছশ্বতী গাঁও পৰিদৰ্শন

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই আজি ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীত ক্ষতিগ্ৰস্ত কিস্তৱাৰৰ ছশ্বতী গাঁও পৰিদৰ্শন কৰে। আকাশবাণী জন্মৰ সংবাদদাতাই জনোৱা মতে মুখ্যমন্ত্ৰীয়ে অঞ্চলটোৰ সাহায্য আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। মুখ্যমন্ত্রী শ্ৰী আব্দুল্লাই ক্ষতিগ্রস্ত লোকসকলক মুখ্যমন্ত্ৰীৰ সঁহাৰি পুঁজিৰ পৰা এককালিন সাহায্য দিয়াৰ কথা ঘোষণা কৰে। তেওঁ কয়, যে মৃত লোকসকলৰ পৰিয়াললৈ দুই লাখকৈ টকা, গুৰুতৰভাৱে আহতসকলৰ পৰিয়াললৈ এক লাখকৈ টকা আৰু আহতসকলৰ পৰিয়াললৈ ৫০ হাজাৰকৈ টকা আগবঢ়োৱা হ’ব।
ইপিনে জম্মু-কাশ্মীৰ প্ৰশাসনে শেহতীয়া বানত আৱদ্ধ হৈ থকা তীৰ্থ যাত্ৰীসকলৰ ওভটনি যাত্ৰা যাতে সুৰক্ষিত হয়, সেইটো সুনিশ্চিত কৰাৰ বাবে মাছাইল মাতা যাত্ৰীসকলৰ বাবে জম্মুলৈ বিনামূলীয়া বাছ সেৱাৰ ব্যৱস্থা কৰিছে।
জম্মু-কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাই আজি কিস্তৱাৰৰ ছশ্বতী অঞ্চলৰ শেহতীয়া উদ্ধাৰ আৰু সাহায্য অভিযানৰ পর্যালোচনা চলোৱাৰ লগতে এই পৰিস্থিতি সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। আমাৰ জন্মুৰ সংবাদদাতাই জনোৱা মতে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাজ্যপাল গৰাকীয়ে ক্ষতিগ্ৰস্ত বাসগৃহসমূহ পুনৰ নিৰ্মাণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক যাতে অত্যাৱশ্যকীয় সামগ্ৰী যোগান আৰু তাৎক্ষণিক সকাহ প্ৰদান কৰিব পৰা যায় সেইটো সুনিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিছে। ৰাজ্যপালগৰাকীয়ে এই ডাৱৰ বিস্ফোৰণৰ ভুক্তভোগীসকলক সম্পূর্ণ সহযোগ আগবঢ়োৱা ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। অঞ্চলটোত সেনা, এন ডি আৰ এফ, এছ দি আৰ এই আৰু স্থানীয় প্রশাসনে ২৪ ঘণ্টা সেৱা আগবঢ়াই আছে।

অধিক পঢ়ক

সকলো চাওক