জম্মু-কাশ্মীৰৰ বিকাশৰ যাত্ৰাত নতুনকৈ উদ্বোধন কৰা বৃহৎ প্রকল্পসমূহে বিশেষ গুৰুত্ব বহন কৰিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। কাট্ৰাত চেনাব দলং আৰু আঞ্জি খাদ দলং উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়, যে এই অত্যাধুনিক চেনাব দলঙে জম্মু আৰু শ্ৰীনগৰৰ মাজৰ যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰিব। প্ৰধানমন্ত্ৰীয়ে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে এতিয়া সমগ্ৰ দেশ ৰে’লৱে নেটৱৰ্কেৰে সংযোজিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, যে উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল লাইন প্রকল্প হৈছে, এখন নতুন আৰু শক্তিশালী জম্মু-কাশ্মীৰৰ প্ৰতীক স্বৰূপ। শ্রীমোদীয়ে কয়, যে চেনাব আৰু আঞ্জি দলঙে জম্মু-কাশ্মীৰৰ বাবে সমৃদ্ধিৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিব। ভাৰতে সন্ত্ৰাসবাদৰ ওচৰত কেতিয়াও মূৰ নোদোৱায় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে দুৰ্ভাগ্যজনকভাৱে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰই মানৱতা আৰু দৰিদ্ৰ লোকৰ জীৱন-জীৱিকাৰ বিৰুদ্ধেও থিয় দিছে। সন্ত্রাসবাদীয়ে পেহেলগামত কৰা আক্ৰমণ ইয়াৰ উৎকৃষ্ট উদাহৰণ বুলি উল্লেখ কৰি তেওঁ কয়, যে এয়া কেৱল মানৱীয়তাৰ ওপৰতে নহয়, কাশ্মীৰী লোকসকলকো কৰা এটা আক্রমণ। কিয়নো পৰ্য্যটন খণ্ডক লক্ষ্য কৰি এই আক্ৰমণ কৰা হৈছিল আৰু বহুতো কাশ্মীৰী পৰিয়ালৰ জীৱিকা এই খণ্ডৰ সৈতে জড়িত হৈ আছে। সিন্দূৰ অভিযানৰ বিষয়ে পাকিস্তানে যেতিয়াই শুনিব, তেওঁলোকৰ পৰাজয়ৰ বিষয়ে সুঁৱৰি লজ্জা অনুভৱ কৰিব বুলিও তেওঁ কয়। শ্রীমোদীয়ে কয়, যে অপাৰেচন সিন্দূৰৰ পাছত সমগ্ৰ বিশ্বই ভাৰতৰ প্ৰতিৰক্ষা তন্ত্ৰ আৰু আত্ম-নিৰ্ভৰশীলতা সম্পর্কে আলোচনা কৰিছে। তেওঁ জনসাধাৰণক দেশত নির্মিত সামগ্ৰীসমূহক অগ্ৰাধিকাৰ দিবলৈ সংকল্প লোৱাৰ বাবেও আহ্বান জনায়।
প্রধানমন্ত্ৰীয়ে ৪৬ হাজাৰ কোটি টকাতকৈও অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। শ্ৰীমোদীয়ে জম্মু-কাশ্মীৰৰ ভিতৰত যোগাযোগ ব্যৱস্থা বৃদ্ধিৰ লক্ষ্যৰে বন্দে ভাৰত ৰে’লৰো পতাকা জোকাৰি শুভাৰম্ভ কৰে। তেওঁ জম্মুত এখন নতুন চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে বিকাশ আৰু পৰিৱৰ্তনৰ এই নতুন যুগৰ বাবে অঞ্চলটোৰ জনসাধাৰণক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।
Site Admin | June 6, 2025 8:24 PM | Akashvani | narendra modi | PMO India | PMO Modi
জম্মু-কাশ্মীৰৰ বিকাশৰ যাত্ৰাত নতুনকৈ উদ্বোধন কৰা বৃহৎ প্রকল্পসমূহে বিশেষ গুৰুত্ব বহন কৰিছেঃ প্রধানমন্ত্ৰী
