জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ ছ’প’ৰত কালি সুৰক্ষা বাহিনীৰে সংঘৰ্ষত এজন সন্ত্রাসবাদী নিহত

জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ ছ’প’ৰত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এজন সন্ত্রাসবাদী নিহত হয়। অঞ্চলটোত এতিয়াও দুজন সন্ত্রাসবাদী লুকাই থকা বুলি আশংকা কৰা হৈছে। বিষয়াসকলে প্ৰকাশ কৰা মতে অঞ্চলটোত কেইজনমান সন্ত্রাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত স্থল সেনা, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এটা যৌথ দলে অভিযান চলোৱাৰ সময়ত সন্ত্ৰাসবাদীয়ে দলটোক লক্ষ্য কৰি গুলীবর্ষণ কৰে। প্ৰত্যুত্তৰত সৈন্য দলটোৱেও গুলী চালনা কৰাত সংঘৰ্ষৰ সূত্ৰপাত হয়। এই সংঘর্ষত এজন সন্ত্রাসবাদী নিহত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।