ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মাণ্ডি উপত্যকালৈ শ্ৰী বুদ্ধ অমৰনাথ যাত্ৰাৰ বাবে আজি ত্রয়োদশ দিনটোতো তীর্থযাত্ৰীসকলৰ যাত্ৰা অব্যাহত

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মাণ্ডি উপত্যকালৈ শ্ৰী বুদ্ধ অমৰনাথ যাত্ৰাৰ বাবে আজি ত্রয়োদশ দিনটোতো তীর্থযাত্ৰীসকলৰ যাত্ৰা অব্যাহত আছে। আজি পুৱাৰ ভাগত এহেজাৰ ৩৫২গৰাকী তীর্থযাত্ৰীৰ এটা দলে ভাগৱতী নগৰ শিবিৰৰ পৰা অমৰনাথলৈ যাত্ৰা কৰিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে এই তীর্থযাত্ৰীৰ দলটোত ৪৯২গৰাকী পুৰুষ, ৪৩৪গৰাকী মহিলা আৰু ২৬টি শিশু আছে। দলটোক ২৭খন গাড়ীৰে পুঞ্চ জিলাৰ মাণ্ডিলৈ লৈ যোৱা হৈছে। ইপিনে, আজি জন্মৰ পৰা কোনো নতুন তীর্থযাত্ৰীৰ দল অমৰনাথ যাত্ৰালৈ ৰাওনা হোৱা নাই। এইবেলি অমৰনাথ যাত্ৰালৈ যোৱা তীর্থযাত্ৰীৰ সংখ্যাই ৪ লাখ অতিক্ৰম কৰিছে।
উল্লেখযোগ্য যে সমগ্ৰ ভাৰতৰ পৰা পৱিত্ৰ শাওণ মাহত ভগৱান মহাদেৱৰ আশীষ বিচাৰি তীর্থযাত্ৰীসকলে অমৰনাথ যাত্ৰা কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।