ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 9, 2024 7:23 PM | Drone Attacked

printer

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্তানী ড্ৰ’নলৈ সেনাৰ গুলীচালনা

জম্মু-কাশ্মীৰত পুঞ্চ জিলাৰ কৃষ্ণ ঘাটি খণ্ডত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পৰিলক্ষিত পাকিস্তানী ড্ৰ’নলৈ লক্ষ্য কৰি সেনাই গুলীচালনা কৰে। আকাশবাণী জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি যোৱানিশা ভাৰতীয় ভূখণ্ডৰ ওপৰত কিছু সময়ৰ বাবে উৰি থকা ড্র’নখন পাকিস্তানলৈ উভতি গৈছিল। যোৱানিশা প্রায় ৯ বাজি ১৫ মিনিটত নিয়ন্ত্ৰণ ৰেখাত পহৰা দি থকা ভাৰতীয় সৈন্যই ১,০০০ মিটাৰৰো অধিক উচ্চতাত পাকিস্তানী ড্র’নৰ গতিবিধি লক্ষ্য কৰাৰ পাছত ১০ মিনিটৰ ভিতৰতে গুলীচালনা কৰি নমাই আনিছিল যদিও যদিও ড্র’নখনে উভতি যাবলৈ সক্ষম হয়। আধা ঘণ্টাৰো অধিক সময়ৰ পাছত পুনৰ এখন পাকিস্তানী ড্ৰ’নে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা পৰিলক্ষিত হোৱাত সেনাই ইয়াৰ ওপৰত আৰু দুই জাই গুলীচালনা কৰাত ড্র’নখন অন্যফালে উভতি যায়। ড্ৰ’নে যাতে কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ বা নিচাযুক্ত দ্ৰব্য নিক্ষেপ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱাৰ ভাগত অগ্রগতি গাঁওসমূহত সেনাই তালাচী অভিযান আৰম্ভ কৰে। সীমান্তৰ সিপাৰৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু নিচাযুক্ত দ্ৰব্য নিক্ষেপ কৰিবলৈ উৰি অহা ড্ৰ’নৰ তথ্য প্ৰদান কৰা আৰু তেনে সামগ্ৰীৰ উদ্ধাৰ হোৱাৰ পাছত জম্মু কাশ্মীৰ আৰক্ষীয়ে যিকোনো ব্যক্তিক ৩ লাখ টকাৰ নগদ পুৰস্কাৰৰ ঘোষণা কৰিছে।