জম্মু-কাশ্মীৰৰ জম্মু অঞ্চলত তাপ প্রবাহ অব্যাহত

জম্মু-কাশ্মীৰৰ জম্মু অঞ্চলত তাপ প্রবাহ অব্যাহত আছে। অঞ্চলটোত বিগত চাৰি বছৰত এইবাৰ তাপমান আটাইতকৈ বেছি হোৱা পৰিলক্ষিত হৈছে। পাঁচ খন জিলাত কালি তাপমানে অভিনেখ গঢ়ি ৪০ ডিগ্ৰী চেলচিয়াছৰ মাত্ৰ অতিক্ৰম কৰে। ছাম্বাত সর্বাধিক ৪৬.৬ ডিগ্রী চেলচিয়াছ তাপমান ৰেকৰ্ড হয়। জম্মু মহানগৰত কালিৰ দিনটোত তাপমান আছিল ৪৪.৩ ডিগ্রী চেলচিয়াছ। দেওবাৰে মহানগৰখনৰ তাপমাত্ৰাই ৪২.৭ ডিগ্রী চেলচিয়াছ অতিক্ৰম কৰিছিল। মা বৈষ্ণোদেৱী মন্দিৰৰ বেছ কেম্প হিচাপে পৰিচিত কাটৰাত ৪০.২ ডিগ্ৰী চেলচিয়াছ তাপমান ৰেকৰ্ড হয়। আনহাতে ৰামবান আৰু কাথুৱাত কালিৰ তাপমান আছিল ৪৩.২ ডিগ্ৰী চেলচিয়াছ। বতৰ বিজ্ঞান বিভাগে ৫ দিন ধৰি তাপপ্রবাহ অব্যাহত থকাৰ আগজাননী দি তাপমাত্ৰা প্ৰায় ৪ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি ৯ জুনৰ পৰা ১৩ জুনলৈকে জম্মু অঞ্চলত তাপ প্রবাহ অব্যাহত থাকিব। ইয়াৰ পৰিপ্ৰেক্ষিতত বিভাগে অঞ্চলটোৰ বাসিন্দা, বিশেষকৈ শিশু, বয়স্ক লোকা আৰু গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বনৰ আহ্বান জনাইছে।