ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 8, 2024 8:33 PM | Jammu & Kashmir

printer

জম্মু-কাশ্মীৰৰ চানাচাৰৰ টিউলিপ বাগিচাখন পৰ্যটকৰ বাবে মুকলি

জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ বিশাল সেউজীয়া ঘাহনিৰ মাজত মনোমোহা চানাচাৰ বাগিচাত প্ৰায় ২ লাখ ৫ হাজাৰ টিউলিপ ফুলে পর্যটকক আকৰ্ষণ কৰিছে। আকাশবাণী জন্মৰ সংবাদদাতাই প্ৰকাশ কৰা মতে, চানাচাৰৰ টিউলিপ বাগিচাখন পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। এইবছৰ বাগিছাখনত ২৫ টা প্ৰজাতিৰ টিউলিপ ৰোপণ কৰা হৈছে। একে স্থানতে পৰ্যটকক আকৰ্ষণ কৰিবৰ বাবে সকলো সময়তে ফুলি থকাকৈ এখন গোলাপৰ বাগিচাৰ প্ৰস্তাৱো আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে বিগত বছৰত চৰকাৰে জম্মু ত এখন সর্ববৃহৎ টিউলিপ বাগিচা বিকশাই তোলাৰ বাবে এটা প্ৰকল্পত অনুমোদন জনাইছিল।