ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ডাৱৰ বিস্ফোৰণ প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান পূর্ণ গতিত অব্যাহত

জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ডাৱৰ বিস্ফোৰণ প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান পূর্ণ গতিত চলি আছে। সেনবাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় প্রশাসনে উদ্ধাৰ অভিযানত সহায় কৰিছে। জম্মু আৰু উধমপুৰত প্ৰয়োজন সাপেক্ষে উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰিব পৰাকৈ এম আই চেভেণ্টিন শ্ৰেণীৰ দুখন হেলিকপ্তাৰ আৰু এখন লঘু হেলিকপ্তাৰ সাজু কৰি ৰখা হৈছে। কিস্তৱাৰ জিলাৰ পাড্ডাৰ অঞ্চলত ডাৱৰ বিস্ফোৰণৰ বাবে হোৱা আকষ্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০ লৈ বৃদ্ধি পাইছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে এই দুৰ্ঘটনাত ১০০ জনৰো অধিক লোক আহত হৈছে। অঞ্চলটোত বহুসংখ্যক লোক এতিয়াও সন্ধানহীন হৈ আছে। অঞ্চলটোত মাটি আৰু ধবংসস্তূপৰ মাজত বন্দী হৈ ৰোৱা বহু সংখ্যক লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। ডাৱৰ বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত বার্ষিক মাছাইল মাতা যাত্রা বাতিল কৰা হৈছে।
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই আজি আকষ্মিক বানত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে চিচোটি অঞ্চল পৰিদৰ্শন কৰে। তেওঁ স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে আৰু ক্ষয়-ক্ষতি তথা প্ৰভাৱিত এলেকাৰ প্ৰত্যাহ্বানৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীক সেনাবাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই উদ্ধাৰ আৰু সাহায্য অভিযনৰ বিষয়ে অৱগত কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু উপ-ৰাজ্যপাল মনোজ সিনহাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্ভাৱ্য সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। আলোচনা কালত প্রধানমন্ত্রীয়ে পৰিস্থিতিৰ বুজ লৈ সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থা দ্ৰুততৰ কৰি তুলিবলৈ আহ্বান জনায়। কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙেও কালি বিয়লি চিচোটি অঞ্চল পৰিদৰ্শন কৰে আৰু পৰিস্থিতি মূল্যায়ন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।