ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জম্মু কাশ্মীৰৰ অধকুৱাৰীৰ যাত্ৰাপথত সংঘটিত ভয়াৱহ ভূমিস্খলনত কেবাজনো লোকৰ প্রাণ হানি হোৱাৰ লগতে বহু লোক আহত

জম্মু কাশ্মীৰৰ অধকুৱাৰীৰ যাত্ৰাপথত সংঘটিত ভয়াৱহ ভূমিস্খলনত কেবাজনো লোকৰ প্রাণ হানি হোৱাৰ লগতে বহু লোক আহত হোৱাৰ পাছত আজি একেৰাহে তৃতীয় দিনৰ বাবে ৰিয়াছি জিলাৰ ত্ৰিকুটা পাহাৰৰ ওপৰত শ্ৰী মাতা বৈষ্ণো দেৱী যাত্রা স্থগিত ৰখা হৈছে। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা মতে চলিত সপ্তাহৰ আৰম্ভণিতে সংঘটিত এই ভয়াৱহ দুর্ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্রশাসনে তীর্থযাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাক অগ্ৰাধিকাৰ দিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। শ্রীমাতা বৈষ্ণোদেৱী ব’র্ডে ভক্তসকলক তীর্থযাত্ৰাৰ বাবে পৰৱৰ্তী জাননী নোপোৱালৈকে আগবাঢ়ি নাহিবলৈ আহ্বান জনাইছে। অতি সোনকালে তীর্থযাত্ৰা নিৰাপদে পুনৰ আৰম্ভ হোৱাটো নিশ্চিত কৰিবলৈ জ্যেষ্ঠ বিষয়াসকলে পুনৰুদ্ধাৰৰ কাম তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে। ইপিনে স্থানীয় লোকে আৱদ্ধ ভক্ত আৰু ভুক্তভোগীৰ পৰিয়ালক সহায়ৰ বাবে আগবাঢ়ি আহিছে। সহায় আৰু যোগাযোগৰ সুবিধাৰ বাবে বিশেষ হেল্পলাইন নম্বৰো সক্ৰিয় কৰা হৈছে। প্ৰশাসনে জনসাধাৰণক ধৈর্য ধৰিবলৈ তথা উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। যাতায়াতৰ বাবে এই পথটো সম্পূৰ্ণ সুৰক্ষিত ঘোষণা কৰাৰ পাছতহে তীর্থযাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।